ঘৰৰ কুকুৰাৰ খোলাটোত প্ৰতিদিনে সংখ্যা কমি অহা লক্ষ্য কৰি জৰ্জে বিচলিত হৈ পৰিছিল।

প্ৰথম অৱস্থাত কোনোবাই কুকুৰা চুৰি কৰা বুলি সন্দেহ কৰিছিল যদিও ২০২২ চনৰ জুন মাহত এদিন তেওঁ চোৰটো গম পাইছিল আৰু সেয়া পাইথন বুলি।

বিশাল পাইথনটো দেখি তেওঁ খৰধৰকৈ বন বিভাগৰ বিষয়াসকলক খবৰ দিলে, যিসকলে আহি তাক লৈ গ’ল।

তাৰ পিছত বন বিষয়াসকলে জৰ্জক জনাইছিল যে তেওঁ ক্ষতিপূৰণৰ বাবে আবেদন কৰিব পাৰে কাৰণ এই বিৰল সৰীসৃপটো ‘ৰাষ্ট্ৰৰ পৰা সুৰক্ষিত’, যিটো তেওঁ তৎক্ষণাত কৰিছিল। বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী Iৰ অধীনত পাইথনক সৰ্বোচ্চ সুৰক্ষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে।

কিন্তু ক্ষতিপূৰণ লাভৰ বাবে তেওঁৰ প্ৰচেষ্টা বাস্তৱায়িত নহ’ল।

এবছৰৰ পাছত এজন বিচলিত জৰ্জে ৰাজ্যিক মন্ত্ৰীৰ দ্বাৰা পৰিচালিত ‘জনতা আদালাত’ত এই বিষয়টো গ্ৰহণ কৰে। জৰ্জে মন্ত্ৰীগৰাকীৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে সাপটো কেৰেলা চৰকাৰৰ হ’ব পাৰে, কিন্তু তেওঁ হেৰুৱা কুকুৰাবোৰ তেওঁৰ আৰু তেওঁক ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজন।

মন্ত্ৰীগৰাকীয়ে জৰ্জক শান্ত কৰিছিল যদিও তথাপিও তেওঁ ক্ষতিপূৰণ নাপালে। অৱশেষত তেওঁ কেৰালা মানৱ অধিকাৰ আয়োগৰ কাষ চাপিবলৈ সিদ্ধান্ত লয়।

কিন্তু, আয়োগৰ কাষ চাপিব পৰাৰ আগতেই তেওঁক ক্ষতিপূৰণৰ সন্দৰ্ভত বন বিভাগৰ পৰা ফোন আহিল। ‘ৰাজ্যিক মালিকানাধীন’ পাইথনে খোৱা কুকুৰাৰ বাবে তেওঁক ২০০০ টকা অনুমোদন দিয়া হৈছিল।

এজন সুখী জৰ্জে অৱশেষত সকাহ অনুভৱ কৰিলে আৰু তেওঁৰ প্ৰচেষ্টাৰ ফল পোৱা বুলি ক’লে। ইফালে ‘ৰাজ্যিক সাপ’ৰ পৰা নিজৰ সম্পত্তি ৰক্ষা কৰিবলৈ তেওঁ নিজৰ কুকুৰাৰ খোলাটো সুদৃঢ় কৰি তুলিছে।